Notice: file_put_contents(): Write of 603 bytes failed with errno=28 No space left on device in /www/wwwroot/muzbon.net/system/url_helper.php on line 265
Kool-D - Xunyo | Скачать MP3 бесплатно
Xunyo

Xunyo

Kool-D

Альбом: Xunyo
Длительность: 3:47
Год: 2021
Скачать MP3

Текст песни

মই চাব খোজোঁ এনে এক ঠাই য'ত
নাই মই আজি আৰু নাই মোৰ ছায়া
Really don't wanna chase anything 'cause
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
মই চাব খোজোঁ এনে এক ঠাই য'ত
নাই মই আজি আৰু নাই মোৰ ছায়া
Really don't wanna chase anything 'cause
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
মই চাব খোজোঁ এনে এক ঠাই য'ত
নাই মই আজি আৰু নাই মোৰ ঠিকনা
কোনোমতে মাথোঁ আছোঁ জীয়াই
মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা

চিনাকি বহুত, চিনাকি অযুত
সহায়ৰ হাত লাগে যদি চিনাকি মজুত
পিচে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে?
হৃদয়ত দেখোঁ কিয় অচিনাকি মোক?

অনাই-বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুওৱা বাটৰ দিশ
যুঁজিছোঁ কিয় মই নিজৰে লগতে! আচলতে এটা সাঁথৰ ই
বিচৰা নাই মই চিনাকি চেহেৰা, যাবলৈ খুজি মই আঁতৰি
নিজৰে মাজতে মগন, আজি মোক নালাগে কাৰোৰে বাতৰি

নিজেই নিজৰ শত্ৰু, মই সঁচা মহাপাগল
বৰ্ষাৰ নহয় পানী, এইয়া চকুৰে অহা জাগল
টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ
মই ডুবি যাব খোজোঁ, আজি লাগিছে বৰ ভাগৰ

ক'ব খোজোঁ বহুকথা বুকু ফালি
পিচে আৱেগবোৰ থমকি ৰয় দুকোঠালীত
তাতে বহোঁ আৰু সময়বোৰ জোখোঁ বালিত
বৈ যোৱাঁ নৈ আৰু লোৱাঁ তাতে মোকো ঢালি
মই ক'ব খোজোঁ বহুকথা বুকু ফালি
পিচে আৱেগবোৰ থমকি ৰয় দুকোঠালীত
তাতে বহোঁ আৰু সময়বোৰ জোখোঁ বালিত
বৈ যোৱাঁ নৈ আৰু লোৱাঁ তাতে মোকো ঢালি

ধূলিকণা ময়ো, মোৰোনো কি চিন-চাব!
ফোঁপোলা জীৱন, ইয়াত মৰে মানুহ চিন্তাত
আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ
আকাশক ছুই হ'ব খোজোঁ বিলীন তাত
ধূলিকণা ময়ো, মোৰোনো কি চিন-চাব!
ফোঁপোলা জীৱন, ইয়াত মৰে মানুহ চিন্তাত
আৱেগৰ বাষ্পত নেদেখা মই লীন তাপ
আকাশক ছুই হ'ব খোজোঁ বিলীন তাত

নাম, যশ, অভিলাষ আৰু ফেনেকা ধন
আৱেগত আছোঁ উটি, আজি সেমেকা মন
মানুহলে' লাগে ভয় কিয় নাজানো মই
লগ বুলিবলে' আছে মাথোঁ নেদেখাজন
জীৱন-যুদ্ধত চিপাহী মই নাম-কটা
জ্বলিছে জুই মনত, অলপো নাই শাম কটা
নিথৰ মনে কৰে ভাগৰুৱা প্ৰশ্ন মোক
ক'ত যাম আজি? ক'ত বাৰু পাম সকাহ?

মই চাব খোজোঁ এনে এক ঠাই য'ত
নাই মই আজি আৰু নাই মোৰ ছায়া
Really don't wanna chase anything 'cause
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া

দুদিনৰ ঢৌ নালাগে, মোৰ বাৰ্তা হওক আজীৱন
মনে যদি কান্দে তাতে কবিতাবোৰ সাজি ল'ম
বিচৰাবোৰ পালোঁ পিচে উকা চোন আজি মন
ক'ব যি মনে আজি তাকেই মই মানি ল'ম

মই হালি পৰা গছ, আজি শুকান মোৰ গছপাত
সেউজৰ সপোনবোৰ হেৰালে অকস্মাৎ
আহিলা বেচি জীৱন পেলনীয়া বস্তাত
মই থমকি লৈ দেখোঁ নিজক মৰহা অৱস্থাত

যুদ্ধখন নিজৰ লগত, আক্ষেপ নাই কাৰো প্ৰতি
নিজকে মই সাৱটি ল'ম কষ্ট হয় আৰু যদি
বিষাদ এটা কলা, মই নিজে চাগে' তাৰো প্ৰতীক
আগবাঢ়ক সকলো, মই হেঙাৰ নহওঁ কাৰো গতিত
যুদ্ধখন নিজৰ লগত, আক্ষেপ নাই কাৰো প্ৰতি
নিজকে মই সাৱটি ল'ম কষ্ট হয় আৰু যদি
বিষাদ এটা কলা, মই নিজে চাগে' তাৰো প্ৰতীক
আগবাঢ়ক সকলো, মই হেঙাৰ নহওঁ কাৰো গতিত

মই চাব খোজোঁ এনে এক ঠাই য'ত
নাই মই আজি আৰু নাই মোৰ ছায়া
Really don't wanna chase anything 'cause
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
মই চাব খোজোঁ এনে এক ঠাই য'ত
নাই মই আজি আৰু নাই মোৰ ঠিকনা
কোনোমতে মাথোঁ আছোঁ জীয়াই
মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা