Notice: file_put_contents(): Write of 644 bytes failed with errno=28 No space left on device in /www/wwwroot/muzbon.net/system/url_helper.php on line 265
Sannidhya Bhuyan - Xarodi Nikha | Скачать MP3 бесплатно
Xarodi Nikha

Xarodi Nikha

Sannidhya Bhuyan

Альбом: Xarodi Nikha
Длительность: 3:49
Год: 2020
Скачать MP3

Текст песни

শৰতৰে ৰাতি দূবৰিৰ নিয়ৰে
জোনৰে লগতে কথা পাতে
স্নিগ্ধ শেৱালিৰ অমিয়া সুবাসে
শাৰদী মায়াবী ৰং সানে
জোনাকীৰ ধেমালিতে
আকলুৱা মোৰ মনে
অতীতৰ মৰমৰ সুবাস আনে
উতনুৱা মোৰ মনে
পৰাণৰ গীত ৰচে
সুৰে—সুৰে হৃদয়ৰ ৰং সানে
সুৰভী সপোন মোৰ জাগি উঠে
আশাভৰা গীতে আজি প্ৰাণ পালে
শুৱনি পথাৰৰ ধাননি
মৰমৰে মিঠা চাৱনি
ল'ৰালিৰে সেই দিনবোৰে
আজি মোক কৰেহি আমনি
নদীৰে পাৰৰে বননি
বতাহৰে এটি উৰুলি
হেঁপাহৰে সেই পলবোৰে
জীয়াই থকাৰ দিয়ে জাননী
জোনাকীৰ ধেমালিতে
আকলুৱা মোৰ মনে
অতীতৰ মৰমৰ সুবাস আনে
উতনুৱা মোৰ মনে
পৰাণৰ গীত ৰচে
সুৰে—সুৰে হৃদয়ৰ ৰং সানে
সুৰভী সপোন মোৰ জাগি উঠে
আশাভৰা গীতে আজি প্ৰাণ পালে