Rosoki
Tanmoy Saikia
3:31অচিনাকি মনত অভিমানী তুমি ৰুণ্—জুন্—ৰুণ্—জুন্, গুণ্—গুণ্—গুণ্—গুণ্ কৰে মোৰ হিয়া, অ' প্ৰেমৰে বাটতে পিছলি পৰিলোঁ ৰিম্—ঝিম্—ৰিম্—ঝিম্, ৰিম্—ঝিম্—ৰিম্—ঝিম্ কৰে মোৰ হিয়া মিচিকিয়া হাঁহিটিয়ে ৰচে প্ৰেমৰে ভাষা কাজলীয়া দুচকুতে জিলিকে মৰম জানা! মিচিকিয়া হাঁহিটিয়ে ৰচে প্ৰেমৰে ভাষা কাজলীয়া দুচকুতে জিলিকে মৰম জানা! তুমি মোৰ মনৰে তৰা, আকাশী বুকুৰে নীলা মৰমৰ ৰঙেৰে তুমি মোৰ হিয়া মুহিলা তুমি জোনাকতকে'ও ধুনীয়া প্ৰেম নহয় মোৰ দুদিনীয়া নিঠৰুৱা বাটৰ প্ৰেৰণা আলসুৱা মনত মায়া সানিলা তুমি জোনাকতকে'ও ধুনীয়া প্ৰেম নহয় মোৰ দুদিনীয়া নিঠৰুৱা বাটৰ প্ৰেৰণা আলসুৱা মনত মায়া সানিলা সচাকে' এবাৰ কোৱাঁ— ভাল পোৱা নে নোপোৱা? কোমল কলিজাখনিত কৰিছা অহা—যোৱা সচাকে' এবাৰ কোৱাঁ— ভাল পোৱা নে নোপোৱা? কোমল কলিজাখনিত কৰিছা অহা—যোৱা আকৌ এবাৰ সুধিছোঁ, কোৱাঁনা মিচিকিয়া হাঁহিটিয়ে ৰচে প্ৰেমৰে ভাষা কাজলীয়া দুচকুতে জিলিকে মৰম জানা! মিচিকিয়া হাঁহিটিয়ে ৰচে প্ৰেমৰে ভাষা কাজলীয়া দুচকুতে জিলিকে মৰম জানা! তুমি মোৰ মনৰে তৰা, আকাশী বুকুৰে নীলা মৰমৰ ৰঙেৰে তুমি মোৰ হিয়া মুহিলা অচিনাকি মনত অভিমানী তুমি ৰুণ্—জুন্—ৰুণ্—জুন্, গুণ্—গুণ্—গুণ্—গুণ্ কৰে মোৰ হিয়া, অ' প্ৰেমৰে বাটতে পিছলি পৰিলোঁ ৰিম্—ঝিম্—ৰিম্—ঝিম্, ৰিম্—ঝিম্—ৰিম্—ঝিম্ কৰে মোৰ হিয়া