Xewali (Reprise)
Whilewewonder
3:23মাজৰাতি কোনে বজাই ইমান কৰুণ সুৰ এটি কাৰ মনত ইমান বিষাদ? জোনাকী ৰাতিতো অমানিশা কোনোবাই চাগে কাৰোবাৰ বাট চাই গুণগুণাই গুণগুণাই কাৰোবাৰ চাগে সকলো থাকিও আজি দেখো একোৱেই নাই কোনে আহি এন্ধাৰ নাশি জ্বলাব এগচি চাকি? তোমালৈ বাট চাই ৰাতিপুৱায় শীতৰ সেমেকা ৰাতি আহিবা জানো পোহৰ কঢ়িয়াই চিঞৰ-বাখৰ উখল-মাখল এৰি বিচাৰি ফুৰে সি মৌনতা মাথো আজি নিজানত বহি সি গুণগুণাই মনৰ বেথা জানোচা আহি মিচিকিয়াই হাঁহি জ্বলাব এগচি চাকি